THE SKY LOVE KEEPS co-authored by Musharraf Hussain and Thi Lan Anh Tran

Love is never the art of possession;
it is the courage to let another soul breathe beneath its own horizon.
 
If you seek me, listen beyond my words,
for even silence learns to speak with time.
 
I do not wish to become your shadow.
I would rather walk beside your light,
sharing its warmth without dimming its glow.
 
Let no chain bind two hearts.
Like rivers that preserve their own currents until they embrace the sea,
may we remain true to ourselves while journeying together.
 
May every evening renew our promise;
may every dawn teach us the grace of forgiveness.
 
Should distance ever visit our days,
may memory become a quiet lantern, guiding us through unfamiliar nights.
 
And when silence arrives, let it never be mistaken for the end of love,
but for a peaceful pause where faithful hearts gather strength.
 
For the highest form of love is never possession—it is trust.
And the truest companionship is not walking in each other's footsteps,
but choosing, day after day, to walk toward the same horizon with open hearts.
--
All Copyrights Reserved by Musharraf Hussain (Goalpara, Assam, India) & Thi Lan Anh Tran (Aschaffenburg, Germany), 2026
_______+_______
 
প্ৰেমৰ নিজা আকাশ
 
সহ-লেখক:
মুশ্বাৰ্ৰফ হুছেইন (গোৱালপাৰা, অসম, ভাৰত)
থি লান আন ট্ৰান (আশ্বাফেনবাৰ্গ, জাৰ্মানী)
_ ২২/০৭/২০২৬
---
 
ভালপোৱা মানে কাৰোবাক বন্দী কৰি ৰখা নহয়—
এজনৰ মুকলি আকাশত আনজনক পখিলা হৈ উৰিবলৈ দিয়া।
 
তুমি যদি মোক বিচৰা, মোৰ শব্দৰ গভীৰতাত বিচাৰিবা,
কাৰণ নীৰৱতায়ো এদিন নিজৰ ভাষা গঢ়ি তোলে।
 
মই তোমাৰ পথৰ ছাঁ হ'ব বিচৰা নাই;
মই বিচাৰোঁ তোমাৰ ৰ'দৰ সৈতে সমানে খোজ মিলাবলৈ।
 
দুটা হৃদয়ক একেডাল শিকলিৰে নাবান্ধিবা;
নদী দুখনে যেনেকৈ সাগৰলৈ বৈ গৈয়ো নিজৰ সোঁত অক্ষুণ্ণ ৰাখে,
আমাৰ যাত্ৰাও তেনেকুৱাই হওক।
 
প্ৰতিটো সন্ধিয়াই কঢ়িয়াই আনক এক নতুন প্ৰতিশ্ৰুতি;
প্ৰতিটো প্ৰভাতেই শিকাই যাওক এক নতুন ক্ষমাৰ পাঠ।
 
যদি এদিন দুয়োৰে মাজলৈ দূৰত্ব নামি আহে,
স্মৃতিবোৰ আমাৰ পথপ্ৰদৰ্শক আলোকবাতি হৈ ৰওক।
 
আৰু যেতিয়া নীৰৱতা নামি আহিব, সেয়া যেন অভিমান নহয়—
দুটা হৃদয়ৰ স্বস্তিদায়ক বিশ্ৰামৰ এক নিৰৱ ক্ষণ হওক।
 
প্ৰেমৰ শ্ৰেষ্ঠতম ৰূপ অধিকাৰ নহয়—বিশ্বাস।
আৰু জীৱনৰ দীঘলীয়া পথত হাত এৰি নিদিয়াকৈ,
একে দিশে আগবাঢ়ি যোৱাৰ নামেই সাৰ্থক সহযাত্ৰা।
--
All Copyrights Reserved by Musharraf Hussain (Goalpara, Assam, India)  & Thi Lan Anh Tran (Aschaffenburg, Germany), 2026

Related Post

X